VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আহল বহল চিন্তাবোৰ

ববিতা শইকীয়া by ববিতা শইকীয়া
July 28, 2023
in অভিমত
আহল বহল চিন্তাবোৰ
0
SHARES
98
VIEWS
Share on FacebookShare on Twitter

তামোল খাই ৰঙা হৈ পৰা দাঁতকেইটা উলিয়াই হাঁহি হাহিঁ সোমাই অহা ‘বেণু’ক দেখিলে ৰাতিপুৱাই মনটো ভাল লাগি আহে। তাইৰ হাতৰ পৰশত ঘৰটোৱে প্ৰাণ পাই উঠে বুলিয়ে নহয়, বৰং অনৰ্গল কথা কৈ কৈ কাম কৰি থকা বেণুক দেখিলে নাৰী সৱলীকৰণৰ ধাৰণা সলনি হৈ পৰে। ঘৰটো পৰিষ্কাৰ কৰাৰ লগতে মোৰ মন মগজুও পৰিস্কাৰ হৈ পৰে!

৪০-৪২ বছৰ বয়সতে তিনিটাকৈ নাতিৰ মুখ দেখা বেণুৰ জীৱনৰ অভিজ্ঞতা বহুত। অভিজ্ঞতাই বেণুক শিকাইছে যে নিজে উৰ্পাজন কৰাৰ সমান সুখ ক’তো নাই। আত্মসন্মান আৰু স্বকীয়তা বৰ্তাই ৰখাৰ লগতে দেশৰ জনমূৰি আয় বৃদ্ধি কৰিবলৈ মহিলাই উপাৰ্জন কৰাতো একান্ত প্ৰয়োজন।

কেৱল নিজে উপাৰ্জন কৰা মানেই স্বাধীন বা সুখী নেকি? বেণুৰ দৰে সমাজৰ শেষৰটো শ্ৰেণী বুলি গণ্য কৰা মানুহগৰাকীয়ে ইয়াৰ সঠিক উত্তৰ তাইৰ চিন্তা আৰু কাম- কাজে দিব পাৰে। চৰকাৰৰ সকলোবোৰ আঁচনিৰে যুক্ত বেণুৰ পৰিয়াল। গাৱঁত দুকঠলীয়া পকী ঘৰ এটা সুন্দৰকৈ বনাই আছে। উজ্বল হাঁহিটোৰে তাই কয় “মোৰ কিচেনত চেলেপ লগাইছো বাইদেউ”। মানকাছাৰৰ ভাষাৰে কোৱা কথাবোৰৰ বেছিভাগেই বুজি নাপাওঁ যদিও তাইৰ সৰু সৰু সুখবোৰ বুজি পাওঁ।

তাই এইটো কাৰণতেই সুখী যে নিজে বিচৰামতেই কামবোৰ কৰিব পাৰে। নিজৰ টকাৰে ঘৰত টাইলছ্‌ লগাইছে, বোৱাৰীয়েকক সন্তান জন্মৰ সময়ত খৰছ দিছে, জীয়েকৰ ছোৱালীক ৰূপৰ পায়েল দিছে, ঘৰ-ভাৰাৰ পৰা নিজৰ লগতে ৰাখিলোৱা ভতিজাকৰ নেইল পলিছ লৈকে সমস্ত খৰছ তাইয়ে বহন কৰিছে। তাই জানে যেতিয়ালৈকে তাই পৰিয়ালৰ প্ৰয়োজনবোৰ পূৰাই থাকিব, তেতিয়ালৈকে তাইৰ গুৰুত্ব থাকিব। তথাপি তাই সুখী তাইৰ সক্ষমতাক লৈ। নিজস্বতাক লৈ। তাই সুখী তাইৰ বহল অন্তৰখনক লৈ। স্বৰ্গগামী সতিনীৰ জীয়েকক নিজৰ জীয়েকৰ দৰেই মৰমেৰে ওপচাই ৰখা তাই বহল অন্তৰখনৰ বাবেই আনতকৈ তাই পৃথক। সঁচা অৰ্থত সৱল মহিলা

কিছুমান নিমিলা প্ৰশ্নক লৈ আজিৰ সমাজখন বিভ্ৰান্ত! শিক্ষা নোহোৱাকৈও মানুহে ভুল আৰু শুদ্ধৰ বিচাৰ কৰিব পাৰে! অথচ এনেকুৱাও নহয় যে শিক্ষা কেৱল এটা চাকৰিৰ বাবে! শিক্ষা নোহোৱাকৈও সন্মানসহকাৰে উপাৰ্জন কৰিব পাৰে। তাৰ বাবে প্ৰয়োজন সঠিক উদ্দশ্য আৰু নিজস্বতা। কেতিয়াবা শিক্ষা আৰু সন্মানীয় সংস্থাপনেও চিন্তাৰ দৈন্যতাৰ বাবে সামাজিক মান্যতা নাপাব পাৰে!
আনুষ্ঠানিক শিক্ষা আৰু সামাজিক শিক্ষাৰ মাজত থকা ভাৰসাম্যহীনতাৰ বাবে আমি হেৰুৱাই পেলাইছো ভুল-শুদ্ধৰ সঠিক উত্তৰ। সমাজৰ প্ৰথম শ্ৰেণী বুলি প্ৰতিষ্ঠিত মানুহবোৰেই ভুল কৰে আৰু সেই ভুলকেই অনুকৰণ কৰি গৈছে প্ৰজন্মৰ পাছত প্ৰজন্মই। ইয়াৰ শেষ ক’ত?

মই বেণুৰ পৰাই বহু কথা শিকিব পাৰোঁ। শিকিব পৰাকৈ তাইৰ চিন্তাবোৰ আহল-বহল।

Previous Post

অক্ষয়ৰ ওএমজি -২’ ছবিৰ ২০টা দৃশ্যত কেঁচি চলালে চেন্সৰে, ১১ আগষ্টত ছবিখনৰ মুক্তিক লৈ অনিশ্চয়তা

Next Post

মেছিৰ ১০০ গ’ল ! নতুন ক্লাবলৈ গৈ গঢ়িলে নতুন অভিলেখ গঢ়িলে মেছিয়ে

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
অভিমত

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

March 30, 2023
Next Post
মেছিৰ ১০০ গ’ল ! নতুন ক্লাবলৈ গৈ গঢ়িলে নতুন অভিলেখ গঢ়িলে মেছিয়ে

মেছিৰ ১০০ গ’ল ! নতুন ক্লাবলৈ গৈ গঢ়িলে নতুন অভিলেখ গঢ়িলে মেছিয়ে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7