” নীৰৱে নিজানত শুই আছে
সপোন সুন্দৰী
ব্যস্ত জীৱন ব্যস্ত সময়
কাৰো মাত শুনিবলৈ নাই মহানগৰত !!!
সেয়ে গুচি গৈছো তোমাৰ ওচৰলৈ
সোৱঁৰণি আৰু প্ৰশান্তিও য’ত ৰৈ থাকে
মোৰ বাবে শাল -চেগুণ গছৰ সেউজীয়াত।”
সেউজীয়াৰ মনোমহা ৰূপত আত্মহাৰা হোৱা কোনো কবিৰ এয়া মাথো কবিতাই নহয়। সপোন সপোন যেন লগা অন্তৰৰ পৰা নিগৰি অহা কিছু অনুভূতি। সপোনৰ বাগিছাত শুই আছে সপোন সুন্দৰী চানডুবি। চুই দিলেই যেন সাৰ পাই উঠিব এজাক সপোনে। শেষ হৈ যাব মায়াবী নিশাৰ সপোনৰ ৰাগি। ৰাষ্টাৰ দুয়ো কাষৰ সেউজীয়া চাহ বাগানবোৰেও যেন হাত বাউল দি মাতি মাতি কৈছে চানডুবিলৈ আহা। শাৰী শাৰী শাল গছবোৰেও সূৰ্য হেৰাই যোৱা পাহাৰ খনৰ প্ৰেমত পৰিবলৈ মৌনতাৰে যেন তাৰেই প্ৰকাশ কৰিছে।
গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত দক্ষিণ কামৰূপৰ মিৰ্জাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত ৰাভা হাছঙৰ অন্তৰ্গত অসম মেঘালয় সীমান্তত অৱস্থিত চানডুবি বিল। বিনন্দীয়া ৰূপ – সৌন্দৰ্যৰে হাত বাউলি মাতি আছে প্ৰতিজনক! আপোনাক – মোক – সকলোকে ।
আমি ব’হাগ বিহুত গুৱাহাটীৰ পৰা মিৰ্জা হৈ দুপৰীয়া দুই বজাত সেউজীয়াৰে আৱৰা আৰু গভীৰ জলৰাশিৰে অলেখ কিংবদন্তি বুকুত কঢ়িয়াই থকা চানডুবি গৈ পালোঁ। আগতে ঠিক কৰি থৈ দিয়া অসম চৰকাৰৰ পৰ্যটন বিভাগৰ নিবাসত সোমাই গা ধুই ৰুটি ঘুগনি আৰু কণীৰ অমলেট খাই অলপমান জিৰণি ল’বলৈ কোঠালিত সোমালো। বহু কেইদিন বৰষুণ দিয়াৰ পাছত ৰদ অলপ টানকৈ ওলাইছে। আমি যথেষ্ট গৰম অনুভৱ কৰিলো। প্ৰতিটো কোঠালিতে বৈদ্যুতিক পাংখা , শীত -তাপ নিয়ন্ত্ৰিত য’ন্ত্ৰ সকলো ঠিকে আছে। মনটো ভৰি গল কিন্তু চুইটচ দিয়াত এটাও নচলা দেখি কৰ্তব্যত থকা কৰ্মচাৰী জনক মাতি কথাটো জনোৱাত তেখেতে ক’লে- ‘ AC আছে গেচ নাই , বেটাৰী আছে তেল নাই ।’ কাৰেণ্টৰ কোনো ঠিক নাই। বতাহ -বৰষুণ দিলে কাৰেণ্টৰ আশা নাই। সেইটো ভিতৰুৱা অঞ্চলত স্বাভাৱিক কথা। দুঘণ্টা সময়ত কাৰেণ্ট দুবাৰ আহি দুইমিনিট মান থাকি গুচি গ’ল। অসহ্য গৰমত গুৱাহাটী গুচি আহো আহো লাগিছিল। মনতে ঠিৰাং কৰিলো গোটেইখন চাই মেলি ৰাতি গুৱাহাটীলৈ ঘুৰি আহিম। মিৰ্জাৰ পৰা কৰি লৈ যোৱা বজাৰ ৰাতিৰ আহাৰৰ কাৰণে ৰান্ধিবৰ বাবে লৰা জনক গোটাই দি চাৰি বজাত চানডুবি চাবলৈ ওলাই আহিলো। সন্মুখতে কেইখন মান চাহ দোকান দেখা পাই চাহ একাপ খাওঁ বুলি দোকান এখনত সোমালো। অতি কম বয়সীয়া মৰম লগা মানুহ গৰাকীয়ে আদা জালুক দি ধুনীয়াকৈ চাহ বনাই দিলে। চাহ টো খাই ভাল লগাত গৰম গৰম টেকেলী পিঠা খাবলৈ বাৰে বাৰে কোৱাত খাবলৈ ইচ্ছা নথকাতো খাই দিলো। সৰু সৰু কফি কাপত বনোৱা টেকেলী পিঠা কেইটা বহুত সোৱাদ লগা। নাখালে যেন কিবা এটা আধৰুৱা হ’ল হয়। বাইদেউ পিছত আকৌ খাম বুলি কৈ আমি বিলৰ পিনে আগবাঢ়ি গ’লো।
১৮৯৭ চনৰ ১২ জুনত প্ৰৱল ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল চানডুবি বিল – বুৰঞ্জীয়ে এইকথা কয় যদিও চানডুবি বিলক লৈ কিম্বদন্তীয়েও বহু কথাই কয়। আগতে চানডুবি বিল নাছিল। বিভিন্ন জাতি- জনজাতিয়ে বসবাস কৰা অঞ্চলটোৰ মাজেৰে বৈ গৈছিল চিৰি নামৰ এখনি নদী । চিৰি নদীৰ পানী কুলশী নদীৰ লগত মিলিত হৈ ব্ৰহ্মপুত্ৰত পৰিছিল। চম্পক নগৰৰ বিখ্যাত চান্দ সদাগৰেও বেপাৰ কৰিবলৈ ইয়াত নাও লৈ আহিছিল। চান্দ সদাগৰে নাও বান্ধি থোৱা ঘাটটোত পানীৰ গভীৰতা বহুত বেছি আছিল। জনজাতীয় ভাষাত গভীৰ পানীক ডুবি বুলি কয়। চান্দ সদাগৰে নাও বান্ধি থোৱা বাবেই সেই বিশেষ ঘাটটোক চান্দৰ ডুবি বুলি কৈছিল।
আন এক জনশ্ৰুতি অনুসৰি , প্ৰৱল ভূমিকম্পৰ ফলত পাহাৰৰ চূড়াবোৰ খহি চিৰি নদীৰ গতিপথ ৰুদ্ধ কৰিছিল । বগাশিলা , ছাগলচাৰী , মায়া , চাম্পে আৰু নচৌচিলা নামৰ পাঁচখন পাহাৰৰ মাজৰ বৃহৎ ঠাই ডুবি গৈ জলাশয়ৰ সৃষ্টি হৈছিল । খাছী ভাষাত চান মানে পাঁচ । পাঁচ খন পাহাৰৰ অংশ বিশেষ ডুব যোৱা বাবে সেই অঞ্চলত বসবাস কৰা খাচী লোকসকলে বিল খনৰ নাম চানডুবি ৰাখিছিল।
বিলৰ ঘাটত ৰখাই থোৱা নাওত উঠি বিল খনৰ ইমূৰৰ পৰা সিমূৰলৈ নৌকাযাত্ৰা আৰম্ভ কৰিলোঁ। মুকলি আকাশৰ তলত পানীৰ মাজত সমীৰণে কাণে কাণে ক’লে – সৌৱা চোৱা সপোন সপোন যেন নীলা আকাশ ! য’ত সূৰ্য হেৰাই যায়। বিলখনৰ সিটো পাৰে সেউজীয়াৰে জিলিকি থকা দ্বীপৰ দৰে মনোমহা পৰিবেশৰ গাওখনেই হ’ল জৰামুখুৰীয়া। সেউজীয়াৰে জিলিকি থকা বিনন্দিয়া পৰিবেশত নাই কোনো কৃত্ৰিমতা , কেৱল সেউজীয়া আৰু সেউজীয়া । এক বুজাব নোৱাৰা অনুভূতি লৈ পুনৰ নৌকা বিহাৰ এইটো পাৰলৈ বুলি ওভতনি যাত্ৰা। সূৰ্য ডুব যোৱাৰ সময়ত মনোমহা প্ৰাকৃতিক শোভাই এক অনন্যা ৰূপত সজাই তুলিছে চানডুবিক । চানডুবিৰ নীলা আকাশত সূৰ্য হেৰাই যোৱাৰ দৃশ্য প্ৰাণ ভৰি উপভোগ কৰিবলৈ পৰ্যটক সকলে সন্ধিয়ালৈ ৰৈ থাকে। চান অৰ্থাৎ সূৰ্য বিলখনত ডুব যোৱা বাবেও বিল খনৰ নাম চানডুবি বুলি বহুতে ক’ব খোজে।
য’ত গছেও কথা পাতে, নীলা আকাশত অস্তমিত সূৰ্যৰ সৌন্দৰ্য , গভীৰ জলৰাশিৰ মাদকতা , নীৰবতাৰ আবেশ ভাঙি জাক পাতি উৰি যোৱা চৰাইৰ কাকলিত মুখৰিত হোৱা অপূৰ্ব সৌন্দৰ্য উপভোগ কৰি উভতি আহিলো পৰ্যটন বিভাগৰ নিবাসলৈ। বাইদেউ জনীৰ দোকানত পুনৰ চাহ পিঠা খালো। কণী কিছুমান সিজাই থোৱা দেখি শুধিলো এইবোৰ কি হ’ব? আন্ধাৰ দেখন হ’লেই , এতিয়া জানো মানুহ আহিব? তেখেতে জনালে যে ওচৰতে শিৱ মন্দিৰটোৰ ওচৰত তাইৰ ঘৰ। নাওৰীয়া কেইটাই আহি কণীবোৰ খাব ।সেইবাবে তাই ৰৈ আছে। ৰাতি হাতীৰ জাক আহে , গতিকে তাই সোনকালেই গুচি যাব।
কোঠালিলৈ আহি গা ধুলো। কাৰেণ্ট তেতিয়ালৈ অহা নাই। বাহিৰতে চকী পাতি বহিলো। জোনাকী ৰাতি ! চাৰিওপিনে নিৰৱ-নিতাল। যান্ত্ৰিকতাৰ পৰশ নপৰা চানডুবি সঁচাকৈয়ে প্ৰাকৃতিক ভাৱে অপৰূপা। মুঠি মুঠি জোনাক শাল গছবোৰৰ মাজেৰে সৰকি আহি গোটেই পৰিবেশ টোকে নান্দনিক ৰূপ দিছে সেয়া বৰ্ণনা কৰিব নোঁৱাৰি। জোনাকৰে ৰাতি এক মনোমহা পৰিবেশত আমি কিমান সময় তেনেকৈ পাৰ কৰিলো হয়তো সময়ে ক’ব নোৱাৰিব। ” ১০ টা বাজিব এতিয়া , কাৰেণ্ট গ’লে ভাত খোৱাত অসুবিধা হ’ব ” বুলি কোৱাত হে আমাৰ চেতনা আহিল।কাৰেণ্ট কেতিয়া আহিল বুলি ভাবোতে হাঁহি উঠিল কিয়নো কাৰেণ্টৰ বাবে আমি গুৱাহাটী গুচি অহা হ’লে এই অপৰূপ সৌন্দৰ্য উপভোগ কৰাৰ পৰা বঞ্চিত হলোহেঁতেন। সুন্দৰকৈ জুতি লগাই ৰান্ধা ৰাতিৰ আহাৰ খাই আমি শুবলৈ গ’লো। সেইদিনা বতাহ-ধুমুহা নহাৰ বাবে কাৰেণ্ট গোটেই ৰাতি থকাত টোপনি কেতিয়া আহিল ক’বই নোৱাৰিলো। ৰাতিপুৱা চৰাইৰ মাতত সাৰ পাই বিনন্দিয়া প্ৰকৃতিৰ অনুপম ৰূপেৰে ভৰা জৰামুখুৰীয়াৰ সৌন্দৰ্য আকৌ এবাৰ উপভোগ কৰিবলৈ প্ৰাতঃ ভ্ৰমণত ওলাই গ’লো । প্ৰাতঃ ভ্ৰমণৰ পৰা আহি গা ধুই ৰাতিপুৱাৰ জলপান খাই বিদায়ৰ সময়ত তাত থকা কৰ্মচাৰীৰ লগত কথা পাতি জানিব পাৰিলো যে তেওঁলোক বাৰ জনীয়া চৰকাৰী কৰ্মীবৃন্দ। ৰাতিপুৱা আঠ বজাৰ পৰা দুপৰীয়া দুই বজালৈ একোজন কৰ্তব্যত থাকিব লাগে। দূৰৈৰ পৰা অহা কাৰণে দুই বজাৰ পিছত ঘৰত যাব নোৱাৰে। গতিকে তেওঁলোকৰ সুবিধাৰ বাবে চাৰি জনকৈ এসপ্তাহ কাম কৰাৰ দায়িত্ব লৈছে । অৰ্থাৎ এসপ্তাহ চাকৰি কৰি দুই সপ্তাহ চুটি । কি মজাৰ চাকৰি ! কোঠালিত থকা ড্ৰেচিং আয়নাত মুখ খন চাবলৈ বৃথা চেষ্টা কৰি চৰকাৰী বস্তু বুলি মনতে সান্তনা লভি মবাইলত চাই সেন্দুৰ লৈ ওলাই আহিলো। এতিয়া কথা হ’ল চৰকাৰে সকলো দিছে কিন্তু দেখ-ভাল কৰাৰ অভাৱ। ১২ জনকৈ দপদপাই থকা কৰ্মচাৰীৰে এটা ডাঙৰ কৰ্মী বৃন্দ। AC আছে কিন্তু গেচ নাথাকে , ঠিক তেনেকৈ জেনেৰেটৰ আছে কিন্তু তেল নাথাকে -এই বিষয়টোৰ ওপৰত পৰ্যটন বিভাগৰ মনোযোগ দিয়া উচিত।
আহিবৰ সময়ত বাইদেউ জনীৰ দোকানত গাখীৰ চাহ খাম বুলি কোৱাত অকল গৰুৰ গাখীৰতে ধুনীয়াকৈ চাহ বনাই দিলে। তৃপ্তিৰে চাহ কাপ খাই হাতত টকা কেইটা গুজি দিয়াত চকুযুৰিয়ে যেন বহুত কথায় কৈ গ’ল। তেওঁলোকে ৰৈ থাকে বছৰৰ সেইকেইটা দিনলৈ। যি দিন কেইটাত চানডুবিলৈ বনভোজ খাবলৈ বা ফুৰিবলৈ বিভিন্ন মানুহৰ আগমন হয় । ঘৰত কেঁচুৱা থৈ আহি গোটেই দিনটো কষ্ট কৰিলেও যেন তেওঁলোকৰ ভাগৰ নালাগে , কাম কৰিবলৈ উৎসাহ পায়। এই দিন কেইটা পাৰ হৈ যোৱাৰ পাছত তেওঁলোকৰ ভাতমুঠিৰ চিন্তা আহে , উদাসী হৈ পৰে তেওঁলোকৰ দুচকু।