জেং বিহু হৈছে মহিলাৰ দ্বাৰা পৰিবেশন কৰা এক বিহু ৷ ইয়াক গাভৰু বিহু বা গছৰ তলৰ বিহু বুলিও কোৱা হয় ৷
এই বিহুত পুৰুষৰ প্ৰৱেশ নিষেধ আৰু ঢোল .পেপা.তাল. বাঁহী আদি কোনো বাদ্যৰ প্ৰয়োজন নাই ৷
হাতত টকা আৰু হাত চাপৰি বজাই মহিলা সকলে এই নৃত্য বৃত্তাকাৰে পৰিবেশন কৰে ৷বিহু নচা নাচনীৰ নৃত্যৰ ভৰত ভূমি উৰ্বৰা হয় বুলি প্ৰবাদ আছে ৷ জেং বিহু কেনেকৈ আহিল তাৰ কোনো ইতিহাস পাবলৈ নাই ৷ জনশ্ৰুতি মতে অতীজতে বিহু নাচিবলৈ মন গ’লে গাভৰু- বোৱাৰীসকলে হাবিৰ মাজলৈ গৈ আহঁত গছ , বৰ গছ বা যিকোনো গছৰ তলত তামোল পান এযোৰ দি সেৱা কৰি লৈ হেপাহ পলুৱাই বিহু নাচিছিল আৰু পুৰুষ সকলে যাতে তেওলোকে নচা ঠাইলৈ যাব নোৱাৰে তাৰ বাবে বাটত জেং পুতি থৈ গৈছিল ৷ বোধ হয় সেই বাবেই এই বিহুক জেং বিহু বুলি কোৱা হৈছিল ৷ আগৰ দিনত গাভৰু ছোৱালীহঁতক অভিভাৱকে মুকলিকৈ বিহু নাচিবলৈ নিদিয়াত তেওলোকে মনে মনে হাবিৰ মাজত বিহু নাচিবলৈ গৈছিল ৷ কিন্তু কোনো কোনো ডেকাই লুকাই লুকাই তেওঁলোকৰ নাচ উপভোগ কৰিছিল ৷ আৰু বিহু নামৰ মাজেৰেই দূৰৈৰ পৰা তেওঁলোকক জোকাইছিল ৷
অ চেনাইটি কিয় থাকা দুৰতে
অ চেনাইটি চাপি আহা কাষলে
তুমি দুৰত থাকিলে চেনাইটি অ বিহু বিহু নালাগে গাত ৷
আৰু তেওঁলোকেও বিহু নামৰ মাজেৰেই তাৰ প্ৰত্যুত্তৰ দিছিল ৷
গাভৰু নাচনী সকলে মুগাৰ মেখেলা পিন্ধি ৰিহাৰে গাটো আঁটি আঁটি মেৰিয়াই লৈছিল৷ আৰু ডিঙিলৈকে ধকা ৰঙা ব্লাউজ পিন্ধিছিল৷হাতত টকা
গগনা ,সুতুলী ,লৈ বিহু মাৰিবলৈ গৈছিল ৷
জেং বিহু বা গাভৰু বিহুৰ নাম বোৰ মূলত: প্ৰকৃতিৰ
লগত জড়িত হৈ থকা দেখা যায় ৷
” তামোল কাটি কাটি অকলে নাখাবা আমাকো এখন দিবা ,
জেং বিহু মাৰিবলৈ অকলে
নাযাবা আমাকো লগতে নিবা ” আকৌ-
” চ’তে গৈয়ে গৈয়ে বহাগে পালেহি
গছৰ ডালত বিনালে ঐ কুলি
জীয়ৰী-বোৱাৰীওলাই ঐ আহিছো
বিহুকে মাৰোগৈ বুলি ৷”
“বৰ ঘৰৰ মুধতে তাঁতে বৈ আছিলোঁ
ঘনাই মাৰিছিলো অ মাকো ,
আঁহতৰ তলতে টকাৰ মাত শুনিলো অ
ঘৰত মই কেনেকৈ থাকোঁ ৷”
গাভৰু সকলে বৃত্তাকাৰে ঘূৰি ঘূৰি গীতৰ ছেঁৱে ছেঁৱে টকা ,সুঁতুলী আৰু গগনা বজাই বজাই বিহু নাচে আৰু দুগৰাকী মানে বৃত্ত মাজৰ অংশত নাচে ৷মাজৰ অংশত নচা সকলে বিহু নাম নাগায় লগৰীহতঁৰ নামত নাচেহে৷তেওঁলোকৰ ভাগৰ লাগিলে মাজৰ পৰা ওলাই আাহে আৰু আন দুগৰাকী মান তেতিয়া মাজলৈ সোমাই যায় ৷বহু দেৰি মাজৰ অংশলৈ কোনো নাচনী নগ’লে নামতিয়ে নামেৰেই নাচনী মাতে
” দুডালি বাঁহৰে
হাঁয় ঐ হালিজাপি
এডালি কোনে কাটি নিলে
হাঁয় ঐ হালিজাপি
ইডালি মুকলি হ’ল
আমাৰে নাচনীক
হাঁয় ঐ হালিজাপি
কোনে ধৰি নিলে ৷
হাঁয় ঐ হালিজাপি
বিহুতলি মুকলি হ’লেনো হালিজাপি ঐ
চাচোঁন শলীকাঠি ঐ
নিয়ৰতে তিতি যায় ভৰি”
এনেধৰণেৰে হাবিতলে গছতলে কৰা জেং বিহু কেতিয়া আহি মঞ্চ পালেহি সঠিক কৈ কোৱা টান যদিও আহোম সকলৰ ৰাজত্বৰ শেষৰ ফালে পথাৰ আৰু গছৰ তলৰ বিহুৰ ৰাজহুৱা প্ৰ দৰ্শন কৰা হৈছিল প্ৰথম বাৰৰ বাবে শিৱসাগৰ জিলাৰ বিহুবৰ অঞ্চলত ৷তাৰ পিছত স্বৰ্গদেউ ৰুদ্ৰসিংহই নৃত্য গীত উপভোগ কৰাৰ সুবিধাৰ বাবে ৰং ঘৰৰ বাকৰিত শালকাঠৰ খুটা পুতি এক বিশাল চাংঘৰ সজাইছিল যাক ৰংঘৰ বুলি কোৱা হৈছিল৷
বৰ্তমান মঞ্চত গছৰ ডাল এডাল পুতি গামোচা এখন আঁৰি দি গাভৰুৱে মৰা বিহুকে জেং বিহুৰ আখ্যা দিয়া দেখা যায় ৷