VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

ববিতা শইকীয়া by ববিতা শইকীয়া
March 30, 2023
in অভিমত
আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
0
SHARES
79
VIEWS
Share on FacebookShare on Twitter

দিল্লী এয়াৰপ’ৰ্টৰ ফুড ক’টত ড’চা এটা লৈ খাবলৈ বহিছিলো। সন্মুখৰ খালী চকীখনত এগৰাকী বিদেশী ভদ্ৰ মহিলাইও কিবা অলপ খোৱা বস্তু হাতত লৈ বহিলহি। ‘মাইৰা’ নামৰ আমেৰিকান মহিলা গৰাকীয়ে বহিয়েই কথা পাতিবলৈ আৰম্ভ কৰিলে। দেখিবলৈ অতীৱ সুন্দৰী মহিলা গৰাকীৰ বয়স ৭৪ বছৰ। ভাৰতলৈ তৃতীয়বাৰৰ বাবে আহিছে। বিভিন্ন মঠ-মন্দিৰ আৰু পাহাৰ বগাই ঘূৰি ফুৰা মাইৰা ভাৰতৰ প্ৰশংসাত পঞ্চমুখ। চাৰিটা সন্তানৰ মাতৃ মাইৰা নিজক লৈ খুব সুখী।ল’ৰা-ছোৱালীকেইটা সৰু হৈ থাকোতেই দেউতাক ঢুকাইছিল। অশেষ কষ্ট কৰি সন্তান কেইটাক ডাঙৰ কৰিলে মাইৰাই। চাৰিটা সু সন্তান আৰু নাতি নাতিনীৰ সতে মাইৰাৰ জীৱনটো চাৰিওফালে সম্পূৰ্ণ। যেতিয়াই মন যায় ইণ্টাৰনেটত ফ্লাইটৰ দাম খুচৰে আৰু য’তেই সস্তাত পায় তলৈকে ফুৰিবলৈ গুচি যায়। 

এগৰাকী ৭৪ বছৰীয়া বৃদ্ধা(?)ৰ জীৱনৰ অভিজ্ঞতাত মই আপ্লুত হৈ পৰিলো। কম সময়তে তেওঁ বহু কথা শিকাই থৈ গ’ল। লগতে এৰি গ’ল বহু প্ৰশ্নৰ উত্তৰ।

‘মই জীৱনৰ অধিক সময় সন্তানৰ লালন পালন ত খৰছ কৰিলো। মোৰ বিশ্বাস আছিল তেওঁলোকক জন্ম দিয়াৰ পাছত উপযুক্ত কৰি গঢ়া তোলাৰ দায়িত্ব ও মোৰেই। সন্তান বেয়া হ’লে কোনো মাক দেউতাকেই সুখত থাকিব নোৱাৰে। বিশেষকৈ নিজ সন্তানেই যেতিয়া মাক-দেউতাকক সন্মান নকৰে। সন্তানক যথেষ্ট সময় দিলেহে তেওঁলোক ভাল মানুহ হ’ব পাৰিব। কিন্তু যথেষ্ট সময় মানে দীঘলীয়া সময় নহয়, বৰঞ্চ উপযুক্ত সময়হে (Quality time)।”

কলেজ শিক্ষক হিচাপে অৱসৰ লোৱা মানুহগৰাকীৰ কথাবোৰ সাংঘাটিক নতুন কথা নহয়।
অথচ কথাবোৰ কোনো দাৰ্শনিকৰ নাছিল, আছিল জীৱনৰ অভিজ্ঞতাৰ পৰা কোৱা এগৰাকী মাতৃৰ অন্তৰৰ কথা। সেয়েহে মোৰো অন্তৰখন চুই গৈছিল তেওঁৰ কথাবোৰে।

তেওঁৰ ফোনটো বাজি উঠিছিল। অধিবক্তা জীয়েকে তেওঁৰ ফ্লাইটৰ খবৰ ল’লে। উত্তৰাখণ্ডলৈ যাবলৈ অহা মাকক এসোপামান উপদেশ দি ফোনটো ৰাখিলে। তেওঁৰ ওঠঁত বিৰিঙি ৰ’ল এটি দীঘলীয়া হাঁহি। মোলৈ চাই ক’লে ” I am not alone. But I love my space”.

সন্তানৰ বাবে মাকবোৰে বহু প্ৰশ্নৰ সন্মুখীন হব লগা হয়। ভাল সন্তানৰ মাকৰ কৃতিত্বৰ পুৰস্কাৰতকৈ বেয়া সন্তানৰ মাকৰ সমালোচনা বেচি চোকা হয়। প্ৰতিজন সমাজবিৰোধী ব্যক্তিয়েই কোনোবা মাকৰ সন্তান হয়। অথচ কোনো মাকেই ক্ৰিমিনেল সন্তান জন্ম দিবলৈ নিবিচাৰে। বহু মাকে নিজৰ অজ্ঞাতে বহু ভুল কৰে। যাৰবাবে সন্তান বিপথে পৰিচালিত হয়। মাকে সময় খৰচ নকৰাকৈ কোনো সন্তান ডাঙৰ নহয়। অথচ ভুল তাতেই হয় যেতিয়া খৰচ কৰা সময়খিনি “কোৱালিটি টাইম” নহয়। মাকৰ বাহিৰেও বহু ল’ৰা-ছোৱালী দেউতাক বা আন অভিভাৱকৰ
হাতত ডাঙৰ হৈ বহু সন্তানে সফলতাৰ অধ্যায় লিখিছে। তাৰ মূলতে হৈছে সন্তানৰ সতে কটোৱা “কোৱালিটি টাইম”। সকলো ল’ৰা- ছোৱালীৰ বাবে কোৱালিটি টাইমৰ উপাদান বেলেগ বেলেগ হ’ব পাৰে। কিন্তু উপাদান যিয়েই নহওক কোৱালিটি টাইমৰ সঠিক ধাৰণা নাথাকিলে সন্তানক দিয়া সময়খিনি “স্পইলড্‌ টাইম”লৈ পৰিৱৰ্তন হ’ব পাৰে। যিটো সমাজত সাধাৰণতে দেখা যায়। সেয়েহে বহু অভিভাৱকৰ আক্ষেপ থাকি যায়- জীৱনৰ সকলো সময় কেৱল সন্তানৰ নামতেই খৰচ কৰাৰ পাচতো ক’ত ভুল হৈ গ’ল!

মাইৰা কোনো অদ্বিতীয় মাক নহয়। পৃথিৱীৰ চুকে কোণে অজস্ৰ মাইৰা ভৰি আছে।কিন্তু ইণ্টাৰনেটত ফ্লাইটৰ দাম খুচৰি য’লৈ মন যায় ত’লৈকে যাব পৰাকৈ কিমান গৰাকী মাইৰাই ৭৪ বছৰ বয়সত হাঁহি হাঁহি ক’ব পাৰে “I am not alone, but I love my space”!

Previous Post

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি

Next Post

কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস

কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7