অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপে দিল্লী পৌৰ নিগমৰ নির্বাচনত বৃহৎ বিজয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ নিগমৰ ২৫০ খন আসনৰ ভিতৰত ১৩৩খন আসন পৌৰ নিগমত বিজেপিৰ ১৫ বছৰীয়া শাসনৰ অন্ত পৰিল ৷ কংগ্ৰেছে ৯ খন আসন লাভ কৰিছে ৷ ২০১৭ চনৰ এমচিডি নিৰ্বাচনত মুঠ ২৭২টা ৱাৰ্ডৰ ভিতৰত ১৮১টা ৱাৰ্ডত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে আপে মাত্ৰ ৪৮টা ৱাৰ্ড লাভ কৰিছিল ৷ কংগ্ৰেছে ৩০টা ৱাৰ্ডৰে তৃতীয় স্থান লাভ কৰিছিল।
আজি বিজয় সাৱ্যস্ত কৰাৰ পাছতে আপৰ কাৰ্যালয়ত সমর্থকসকলৰ মাজত ব্যাপক উচাহ পৰিলক্ষিত হয় ৷ আশা কৰাতকৈয়ো অধিক আসন এইবাৰ আপে লাভ কৰিবলৈ সক্ষম হৈছে ৷
বিগত ২৪ বছৰত বিজেপিয়ে দিল্লীত ৰাজ্য চৰকাৰ গঠন কৰা নাই, তথাপিও কংগ্ৰেছ আৰু আপ চৰকাৰৰ দিনতো এমচিডিৰ জৰিয়তে বিজেপিৰ নিয়ন্ত্ৰণ শক্তিশালী হৈয়েই আছে। আনকি ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত আপে ৭০খন আসনৰ ভিতৰত ৬৭খন আসনত জয় লাভ কৰি অভিলেখ সৃষ্টি কৰিছিল ৷ তৎসত্বেও দুবছৰৰ পাছতো বিজেপিয়ে এমচিডিক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল ৷ পৌৰ নিগম নিজৰ নিজৰ দখললৈ নিবলৈ দুয়োটা দলে আপ্ৰাণ চেষ্টা কৰিছিল ৷ দুয়োটাই পৃথক পৃথক বিষয়ক লৈ ভোটাৰক আকর্ষিত কৰিবলৈ চেষ্টা কৰিছিল ৷ ইয়াৰ মাজতে আজি আপে দখল কৰে দিল্লী পৌৰ সভাও ৷