এপ্ৰিলৰ শেষৰ দিনটোত দৃশ্যমান হ’ব বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণ ৷ অৱশ্যে ই হ’ব এক আংশিক সূৰ্যগ্ৰহণ, যি চাৰি ঘণ্টাতকৈ অধিক সময় থাকিব বুলি আশা কৰা হৈছে। যদিও ভাৰতে এই সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব নোৱাৰিব, ঘটনাটো পৰ্যবেক্ষণ কৰিব পৰা দেশবোৰে শনিবাৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২;১৫ বজাৰ পৰা ২;১১ বজাৰ ভিতৰত এই দৃশ্য প্ৰতক্ষ কৰিব পাৰিব ৷
এই পৰিঘটণা সন্দৰ্ভত নাছাই কৈছে যে চিলি, আৰ্জেণ্টিনা, উৰুগুৱেৰ বেছিভাগ অংশ, পশ্চিম পাৰাগুৱে, দক্ষিণ-পশ্চিম বলিভিয়া, দক্ষিণ-পূব পেৰু আৰু দক্ষিণ-পশ্চিম ব্ৰাজিলৰ এটা সৰু এলেকাকে ধৰি দক্ষিণ আমেৰিকাৰ কিছু অংশত এই গ্ৰহণ দৃশ্যমান হ’ব।
ইয়াৰ উপৰিও, এণ্টাৰ্কটিকাৰ কিছু অংশত, ফকলেণ্ড দ্বীপপুঞ্জকে ধৰি দক্ষিণ আমেৰিকাৰ দক্ষিণ-পূব উপকূলৰ ঠিক ওচৰৰ আটলাণ্টিক মহাসাগৰত, লগতে দক্ষিণ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণ মহাসাগৰত এই সূৰ্যগ্ৰহণ দৃশ্যমান হ’ব।
যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজৰে পাৰ হয় তেতিয়া সূৰ্যগ্ৰহণ হয়। যিহেতু ই এক আংশিক সূৰ্যগ্ৰহণ, চন্দ্ৰই সূৰ্যক পৃথিৱীৰ পৰা দেখাৰ দৰে আংশিকভাৱে অস্পষ্ট কৰি তুলিব। নাছাৰ মতে, এই গ্ৰহণত চন্দ্ৰৰ দ্বাৰা আৱৰি থকা সূৰ্যৰ প্ৰায় ৬৫ শতাংশ দেখা যাব।
যিহেতু এই মহাকাশীয় পৰিঘটনাটো ভাৰতৰ পৰা চাব নোৱাৰি সেয়ে ঘটনাটো চাবলৈ আগ্ৰহী সকলে ইউটিউবত এই দৃশ্য উপভোগ কৰিব পাৰে।
মাহটোৰ দ্বিতীয় নতুন চন্দ্ৰ, যাক ‘ক’লা চন্দ্ৰ’ বুলি কোৱা হয়, উক্ত দিনটোত মহাকাশত দৃশ্যমান হ’ব ৷ ৩০ এপ্ৰিলত হোৱা এই আংশিক সূৰ্যগ্ৰহণত পৃথিৱী আৰু সূৰ্যৰ মাজেদি পাৰ হ’ব নতুন চন্দ্ৰ যাৰ ফলত বিশ্ববাসী সাক্ষী হৈ ৰ’ব ২০২২চনৰ প্ৰথমটো আংশিক সূৰ্যগ্ৰহণৰ ৷