এটা সময়ত আঁঠুৰ আঘাতৰ বাবে তেওঁৰ ক্ৰিকেট কেৰিয়াৰ শেষ হ’বলৈ ওলাইছিল। অস্ত্ৰোপচাৰৰ পৰা সুস্থ হৈ উঠি ভাৰতীয় দললৈ ঘূৰি আহিছে ৰবীন্দ্ৰ জাদেজা। যোৱা বছৰ টি-২০ বিশ্বকাপত তেওঁ খেলিব পৰা নাছিল। কিন্তু সেই দুখ পাহৰি অষ্ট্ৰেলিয়া ছিৰিজত নিজকে প্ৰমাণ কৰিবলৈ উঠিপৰি লাগিছে এইগৰাকী ভাৰতীয় অল-ৰাউণ্ডাৰ। দেওবাৰে ব’ৰ্ডৰ ৱেবছাইটত দিয়া সাক্ষাৎকাৰত তেওঁ দললৈ প্ৰত্যাৱর্তনৰ বাবে চেষ্টা কৰাৰ কথা প্ৰকাশ কৰিছে ৷
জাদেজাই কয়, ‘প্ৰায় পাঁচ মাহৰ পিছত পুনৰ ভাৰতীয় দলৰ জাৰ্চি পিন্ধি বৰ সুখী। মই বৰ উত্তেজিত আৰু সুখী। পুনৰ ৰাষ্ট্ৰীয় দললৈ ঘূৰি আহিবলৈ উৎসাহিত। এই প্ৰত্যাৱৰ্তনৰ লগত বহু উত্থান-পতন জড়িত হৈ আছে। পাঁচ মাহ ক্ৰিকেট খেলিব নোৱাৰাটো বৰ হতাশাজনক। সোনকালে সুস্থ হ’বলৈ চেষ্টা কৰিছো যাতে মই ভাৰতৰ হৈ খেলিবলৈ পুনৰ আৰম্ভ কৰিব পাৰো।’
জাদেজাই স্বীকাৰ কৰে যে বিশ্বকাপৰ পিছত অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত কঠিন আছিল। লগতে ডাক্তৰৰ পৰামৰ্শ শুনাটো প্ৰয়োজনীয় বুলিও কয়। তেওঁ কয় “আঁঠুৰ সমস্যা হৈছিল। গতিকে আজি বা কাইলৈ অস্ত্ৰোপচাৰ কৰিব লাগিবই। বিশ্বকাপৰ আগতে বা পিছত সিদ্ধান্ত ল’ব লাগিছিল। ডাক্তৰে বিশ্বকাপৰ পিছত কৰিবলৈ পৰামৰ্শ দিলে। কাৰণ মোৰ বিশ্বকাপত খেলাৰ সম্ভাৱনা প্ৰায় নাছিল। গতিকে মই সিদ্ধান্ত লৈ অস্ত্ৰোপচাৰ কৰিবলৈ মান্তি হ’লোঁ।”
কিন্তু জাডেজাৰ মতে অস্ত্ৰোপচাৰৰ পিছৰ দিনবোৰ যথেষ্ট কঠিন আছিল। তেওঁ কয়, “অস্ত্ৰোপচাৰৰ পিছত অবিৰতভাৱে ৰিহাব আৰু ব্যায়ামৰ প্ৰয়োজন হয়। সেয়া যথেষ্ট কঠিন কাম। টিভিত খেলখন চাই থাকোঁতে বাৰে বাৰে মোৰ আঘাতৰ কথা মনত পৰিছিল ৷”
জাদেজাই নেশ্যনেল ক্ৰিকেট একাডেমী আৰু তাত থকা চিকিৎসকসকলক ধন্যবাদ জনায়। জাদেজাই কয়, ‘আঘাতৰ পিছত দুমাহ ধৰি মই বাহিৰলৈ ওলাই যাব নোৱাৰিলোঁ। মই ভালদৰে খোজ কাঢ়িব পৰা নাছিলো। বৰ কঠিন সময় আছিল। সেই সময়ত পৰিয়াল আৰু বন্ধু-বান্ধৱীসকলে কাষত থিয় দিছিল। এনচিএৰ প্ৰশিক্ষকসকলেও বহুত সহায় কৰিছে।’
যোৱা মাহত ৰঞ্জিৰ মেচত সৌৰাষ্ট্ৰৰ হৈ খেলিছিল জাদেজাই। খেলখনত তেওঁ ৮টা উইকেট দখল কৰে।