এছিয়ান গেমছত ভাৰতৰ পদক জয়ৰ অভিযান অব্যাহত আছে ৷শ্বুটিঙৰ পৰা ভাৰতে ১৪তম পদক লাভ কৰিছে । শুকুৰবাৰে পুৱা এছিয়ান গেমছত মহিলা শ্বুটাৰে প্ৰথম পদক লাভ কৰে। ১০ মিটাৰ এয়াৰ পিষ্টলত ৰূপৰ পদক লাভ কৰে পালক গুলিয়া, এছা সিং আৰু টি এছ দিব্যাই। কিছু মুহূৰ্তৰ ভিতৰতে ভাৰতীয় পুৰুষে শ্বুটাৰে সোণৰ পদক লাভ কৰে।
শুকুৰবাৰে ১০ মিটাৰ এয়াৰ পিষ্টলত ১৭৩১ পইণ্ট লাভ কৰে পলকেৰাই। চীনা শ্বুটাৰৰ হাতত তেওঁ পৰাস্ত হয় ৷তেওঁলোকে ১৭৩৬ পইণ্ট লাভ কৰে। এই ইভেণ্টত চীনা টাইপেই ব্ৰঞ্জৰ পদক লাভ কৰে।শুকুৰবাৰে পলকেৰাই পদক লাভ কৰাৰ কিছু মুহূৰ্তৰ ভিতৰতে ভাৰতৰ হৈ সোণৰ পদক কঢ়িয়াই আনিলে ঐশ্বৰ্য প্ৰতাপ সিং টোমাৰ, কুশল স্বপ্নীল আৰু অখিল শ্বেওৰানে। ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত ভাৰতৰ সোণৰ পদকেৰে বিশ্ব অভিলেখ ৰচনা কৰে । এছিয়ান গেমছত এইবাৰ শ্বুটিঙৰ জৰিয়তে ভাৰতে ১৫ সংখ্যক পদক অৰ্জন কৰে।
ভাৰতেও বৃহস্পতিবাৰে শ্বুটিঙত সোণৰ পদক লাভ কৰিছিল। পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ৰাবজোৎ সিং, শিৱ নৰৱাল আৰু অৰ্জুন সিং চিমাই সোণৰ পদক লাভ কৰে। ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত সোণৰ পদক লাভ কৰে।