ভাৰতীয় ধনুৰ্বিদসকলে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জনৰ সুযোগ হেৰুৱাই পেলালে । বিশ্ব আর্ছাৰী চেম্পিয়নশ্বিপত ভাৰতৰ পুৰুষ, মহিলা আৰু মিক্সড দল কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে। শীৰ্ষ তিনিটাত স্থান লাভ কৰিলে তেওঁলোকে অলিম্পিকৰ প্ৰথম ৰাউণ্ডত প্ৰত্যক্ষভাৱে স্থান লাভ কৰিলেহেঁতেন। কিন্তু সেই সুযোগ লাভৰ পৰা বঞ্চিত হ’ল ভাৰতীয় খেলুৱৈসকল ৷
পুৰুষৰ দলীয় ইভেণ্টত ধীৰাজ বম্মাদেৰাভা, ৰজত চৌহান আৰু তুষাৰ শালকৰ ভাৰতীয় দল দক্ষিণ কোৰিয়াৰ হাতত ১-৫ পইণ্টত পৰাস্ত হয়। মহিলা দলটো নেদাৰলেণ্ডৰ হাতত ২-৬ পইণ্টত পৰাস্ত হয়। ২-০ পইন্টত অগ্ৰগতি লাভ কৰাৰ পাছত ভজন কৌৰ, অংকিতা ভকত আৰু সিমৰঞ্জিত কৌৰৰ দলটোৱে তিনিটা ছেট হেৰুৱায়। মিক্সড প্ৰতিযোগিতাত হতাশ কৰিলে ধীৰাজ আৰু অংকিতাই। তলৰ স্থানত থকা ইটালীৰ হাতত ৪-৫ ছেটত পৰাস্ত হয় তেওঁলোক ।
অৱশ্যে ভাৰতীয় ধনুৰ্বিদসকলে পেৰিছ অলিম্পিকৰ বাবে ব্যক্তিগত শাখাত যোগ্যতা অৰ্জন কৰাৰ সুযোগ এতিয়াও আছে। বিশ্ব চেম্পিয়নশ্বিপৰ ব্যক্তিগত শাখাৰ খেলসমূহ এতিয়াও অনুষ্ঠিত হোৱা নাই ৷ তাত যদি শীৰ্ষ তিনিটাত স্থান পাব পাৰে তেন্তে অলিম্পিকত সুযোগ পাব। কোৱালিফাইং ৰাউণ্ডত দ্বিতীয় স্থান দখল কৰে ধীৰাজে। গতিকে ভাৰতে তেওঁৰ পৰা যথেষ্ট আশা কৰিছে।
ভাৰতৰ দলীয় শাখাত পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ সুযোগ এতিয়াও আছে। ইয়াৰ পিছত এছিয়ান গেমছ। মিক্সড কেটেগৰীত জয়ী হোৱা দলটোৱে পোনপটীয়াকৈ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব। এছিয়ান গেমছৰ পৰা ব্যক্তিগত শাখাত এজন পুৰুষ আৰু এগৰাকী মহিলাইও অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব।