বেংগালুৰুক দীৰ্ঘদিন ধৰি আই পি এলৰ নেতৃত্ব দিছিল বিৰাট কোহলীয়ে। তেওঁ তিনিটা ফৰ্মেটত ৰাষ্ট্ৰীয় দলক অধিনায়কত্বও কৰিছে। যোৱা ডেৰ বছৰৰ ভিতৰত বিৰাট কোহলীয়ে সকলো ফর্মেটত অধিনায়কত্ব ত্যাগ কৰিছে। এ বি ডি ভিলিয়াৰ্ছে অনুভৱ কৰিছে যে তেওঁ এতিয়া অধিক শিথিল আৰু আগৰ তুলনাত ভাল খেলিছে। তেওঁৰ মতে, কোহলীৰ খেলত বিশেষ কৌশল সলনি হোৱা নাই। কিন্তু শৰীৰৰ ভাষা বহুত সলনি হৈছে। কোহলীয়ে এতিয়া আগতকৈ অধিক হাহিঁবলৈ লৈছে ৷
২০২১ চনত কোহলীয়ে টি-২০ৰ নেতৃত্ব এৰিছিল। পিছত এদিনীয়া ক্ৰিকেটত তেওঁক নেতৃত্বৰ পৰা আঁতৰাই দিয়া হয়। দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱাৰ পিছত ২০২২ চনত টেষ্টৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰে। যোৱা আই পি এলৰ পূর্বে আৰ চি বিৰ নেতৃত্বও ত্যাগ কৰে৷ সেইবাবেই এতিয়া কোহলীয়ে এবিডিৰ দৰে শান্তিপূৰ্ণভাৱে খেলিব পাৰিব।
প্ৰটিয়াছৰ প্ৰাক্তন বেটছমেনগৰাকীয়ে কয় যে কোহলীৰ বিশেষ পৰিৱৰ্তন দেখা নাই। সকলো একেই। কৌশলটো অতি উত্তম। ক্ৰীজত ভাৰসাম্য বৰ ভাল। তথাপিও তেওঁ বহু শক্তিৰে ক্ৰীজত প্ৰৱেশ কৰা ‘ব্যস্ত’ ক্ৰিকেটাৰ। এই ছিজনত তেওঁক বহুত সতেজ দেখা গৈছে। কেইবাটাও সাক্ষাৎকাৰ ত তেওঁক বহুত হাঁহি থকা দেখা গৈছে ৷ ইমান হাঁহি থকা কোহলীক আগতে কেতিয়াও দেখা নাই।
ডি ভিলিয়াৰ্ছৰ মতে কোহলী তেওঁৰ কান্ধৰ ওপৰত থকা বিশাল বোজা কমি যোৱাৰ লগে লগে সকাহ অনুভৱ কৰিছে ৷ গতিকে ইমান মুকলিকৈ খেলিব পাৰিছে। তেওঁ কয়, ‘নেতৃত্ব এৰি যোৱাটোৱে কোহলীক সকাহ প্ৰদসান কৰাত সহায় কৰিছিল। তেওঁ আছিল এজন মহান অধিনায়ক। কিন্তু ইমান দিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু আই পি এলৰ নেতৃত্ব দি ভাগৰি পৰিছিল। পৰিয়াল বা বন্ধু-বান্ধৱীৰ সৈতে সময় কটাব পৰা নাছিল। এইবাৰ তেওঁৰ মন্ত্ৰ হ’ল খেলপথাৰলৈ গৈ আনন্দ লোৱা।”