অহা বছৰৰ টি-২০ বিশ্বকাপ ৪ জুনত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ ফলত আই পি এলৰ সময় সলনি হোৱাৰ সম্ভাৱনা আছে। সাধাৰণতে আই পি এল মাৰ্চৰ শেষৰ ফালে বা এপ্ৰিলৰ আৰম্ভণিতে আৰম্ভ হয়। কিন্তু এইবাৰ হয়তো বিশ্বকাপৰ বাবে আগুৱাই অনা হ’ব আই পি এলৰ তাৰিখ।
এইবাৰ ৩১ মাৰ্চৰ পৰা আৰম্ভ হৈছিল আই পি এল। ২৯ মে’ত অনুষ্ঠিত হৈছিল ফাইনেল। অৰ্থাৎ প্ৰায় দুমাহ ধৰি অনুষ্ঠিত হৈছিল আই পি এল। আই চি চিৰ কেলেণ্ডাৰত আই পি এলৰ বাবে ডেৰ-দুমাহ সামৰি লোৱা হৈছে। যদি অহা বছৰ একে সময়তে অনুষ্ঠিত হয় ১০ দলৰ এই টি-২০ লীগ, তেন্তে বিশ্বকাপৰ মাত্ৰ পাঁচ দিন আগতে দলসমূহে পাব ক্ৰিকেটাৰসকলক । তেনে ক্ষেত্ৰত বহু দলে নিজৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰক আই পি এল খেলিবলৈ নিদিয়ে। আই পি এলৰ ফ্ৰেঞ্চাইজিয়ে সেইটো একেবাৰেই মানি নলয়। ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলেও দুমাহ ধৰি আই পি এল খেলাৰ মানসিক চাপত ৫ দিনৰ ভিতৰত টি-২০ বিশ্বকাপত অংশ ল’বলৈ ইচ্ছুক হ’ব যেন নালাগে।
টি-২০ বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে দলসমূহৰ প্ৰস্তুতিৰ বাবে কমেও দুসপ্তাহৰ প্ৰয়োজন হ’ব। গতিকে যদি মাৰ্চ মাহৰ মাজভাগত আই পি এল আৰম্ভ হয় আৰু ১৫ মে’ৰ ভিতৰত শেষ হয় তেন্তে ই সকলো দলৰ বাবে লাভজনক হ’ব। আই পি এলত খেলা ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শন দেখিও তেওঁলোকে নিজৰ দল নিৰ্বাচন কৰিব পাৰে। টি-২০ বিশ্বকাপৰ দল নিৰ্বাচনত আই পি এলৰ মুখ্য ভূমিকা ইয়াৰ পূৰ্বেও দেখা গৈছে। সেই কাৰণে যদি আই পি এল আগতীয়াকৈ অনুষ্ঠিত হয় তেন্তে বিভিন্ন দেশ লাভৱান হ’ব। বিশ্বকাপৰ পূৰ্বে ক্ৰিকেটাৰসকলেও নিজৰ শক্তি পৰীক্ষা কৰাৰ সুযোগ পাব।
অহা বছৰ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব বিশ্বকাপ। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি অহা বছৰৰ টি-২০ বিশ্বকাপ ৪ জুনৰ পৰা আৰম্ভ হ’ব। ৩০ জুনত হ’ব পাৰে ফাইনেল। আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ ১০টা স্থানত ২০টা দলৰ সৈতে আয়োজন কৰা হ’ব টি-২০ বিশ্বকাপ। অহা সপ্তাহত আমেৰিকাৰ কোনবোৰ ভেন্যুত খেলা হ’ব সেইটো সিদ্ধান্ত ল’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে। প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা হ’বলৈ গৈ আছে। আন্তঃৰাষ্ট্ৰীয় খেলখন আমেৰিকাৰ ফ্ল’ৰিডাত অনুষ্ঠিত হয়। চলি থকা ৱেষ্ট ইণ্ডিজ বনাম ইণ্ডিয়া ছিৰিজৰ দুখন মেচ তাতেই অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও মৰিছভিল, ডালাছ আৰু নিউয়ৰ্কত টি-২০ বিশ্বকাপৰ মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
২০২৪ চনৰ টি-২০ বিশ্বকাপৰ বাবে ১৫টা দলে যোগ্যতা অৰ্জন কৰিছে। ৰেংকিঙৰ ভিত্তিত ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, পাকিস্তান, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান আৰু নেদাৰলেণ্ডে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰে। আয়োজক দেশ হিচাপে খেলিব আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে। আয়াৰলেণ্ড, স্কটলেণ্ড আৰু পাপুয়া নিউগিনিয়ে কোৱালিফাইং ৰাউণ্ডত খেলি বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। কোৱালিফাইং ৰাউণ্ডৰ পৰা আৰু পাঁচটা দল ওলাই আহিব।