মহিলা বিশ্বকাপৰ প্ৰথম দিনাই নিউজিলেণ্ডত ইতিহাস ৰচনা হয়। বৃহস্পতিবাৰে ইডেন পাৰ্কত নিউজিলেণ্ডে ১-০ গ’লত জয়লাভ কৰে। নৰৱেক তেওঁলোকে পৰাস্ত কৰে। বিশ্বকাপত নিউজিলেণ্ডৰ এয়া প্ৰথম জয়। সেই মেচখন উপভোগ কৰিছিল ৪২,১৩৭ জন দৰ্শকে। নিউজিলেণ্ডৰ ফুটবল ইতিহাসত কোনো এখন মেচৰ বাবে এইটোৱেই আটাইতকৈ বেছি উপস্থিতি। আনখন খেলতো আয়াৰলেণ্ডক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই জয়লাভ কৰে।
এইবাৰৰ মহিলা ফুটবল বিশ্বকাপ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত অনুষ্ঠিত হৈছে। নিউজিলেণ্ডৰ সৰ্ববৃহৎ চহৰ অকলেণ্ডত বৃহস্পতিবাৰে পুৱা মেচ আৰম্ভ হোৱাৰ পূর্বে বন্দুকধাৰীৰ আক্ৰমণত তিনিজন লোকৰ মৃত্যু হয়। প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখন অকলেণ্ডত অনুষ্ঠিত হয়। সেই মেচত হান্না উইলকিনছনৰ গ’লেৰে নিউজিলেণ্ড মেচখনত জয়ী হৈছিল। সেই মেচখন চাবলৈ সেই দেশৰ প্ৰধানমন্ত্ৰী ক্ৰীছ হিপকিন্স উপস্থিত আচিল । খেল আৰম্ভ হোৱাৰ পূৰ্বে গুলীচালনাত নিহত লোকসকলৰ বাবে এক মুহূৰ্ত মৌনতা অৱলম্বন কৰা হয়।
এই খেলখনৰ পূৰ্বে নিউজিলেণ্ডৰ মহিলা দলে বিশ্বকাপত ১৫খন খেল খেলিছিল। কিন্তু সেই মেচবোৰৰ এখনতো তেওঁলোকে জয়ী হোৱা নাছিল ৷ বিশ্বকাপত এয়া তেওঁলোকৰ প্ৰথম জয়। ৪২ হাজাৰৰো অধিক দৰ্শকে সেই জয় উপভোগ কৰিছিল। কোনো ফুটবল খেল চাবলৈ খেলপথাৰলৈ ইমান দৰ্শকৰ ভিৰ আগতে কেতিয়াও হোৱা নাছিল। নিউজিলেণ্ডে ২-০ গ’লত জয়লাভ কৰিব পাৰিলেহেঁতেন। কিন্তু খেলখনৰ একেবাৰে শেষত ৰিয়া পাৰ্চিভিলে পেনাল্টি মিছ কৰে। অৱশ্যে মেচখনত জয়ী হ’বলৈ নিউজিলেণ্ডৰ কোনো অসুবিধা হোৱা নাছিল।
আনখন খেলত অষ্ট্ৰেলিয়াই ১-০ গ’লত জয়লাভ কৰে। সেই গ্ৰুপ বিৰ মেচখনত পেনাল্টি স্পটৰ পৰাই গ’ল দিছিল ষ্টেফানী কাটলীয়ে। মেলবৰ্ণত অনুষ্ঠিত হোৱা সেই খেলখন ৭৫,৭৮৪ জন লোকে উপভোগ কৰে ৷ শুকুৰবাৰে তিনিখন খেল অনুষ্ঠিত হ’ব। নাইজেৰিয়াই কানাডাৰ বিৰুদ্ধে, ফিলিপাইনছে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে আৰু স্পেইনৰ বিৰুদ্ধে কোষ্টা ৰিকাই খেলিব।