অসমৰ চলচিত্ৰ জগতলৈ এক সুখবৰ ৷এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ‘ সিহঁত দৌৰি গ’ল’ নামৰ অসমীয়া চুটি ছবিখনে ৷ কামৰূপা ক্ৰিয়েছনৰ বেনাৰত নিৰ্মিত চুটি ছবিখনে ‘মোক্ষ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ’ত (MOKKHO International film festival) শ্ৰেষ্ঠ চুটি ছবি ( Best Short Film Award) হিচাপে নিৰ্বাচিত হৈছে ৷ লগতে আন কেইবাটাও বিভাগত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ছবিখনে ।
অসমৰ এগৰাকী জনপ্ৰিয় লেখিকা মণিকা দেৱীৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ নিৰ্দেশনা সৃষ্টি শ্ৰেয়মৰ ৷ আনহাতে চিনেমাট’গ্ৰাফী কৰিছে নাহিদ আহমেদে ৷