তালিবান শাসনাধিষ্ঠিত আফগানিস্তানত মহিলাৰ ওপৰত পুনৰ কঠোৰ নিৰ্দেশনা জাৰি কৰা হয়। এইবাৰ আফগানিস্তানৰ টেলিভিচন চেনেলসমূহলৈ তালিবানে এক জাননী প্ৰেৰণ কৰিছে। মহিলা শিল্পীৰ অনুষ্ঠান সম্প্ৰচাৰৰ ক্ষেত্ৰত নিষেধজ্ঞা জাৰি কৰা হৈছে।
তালিবানৰ মতে হিজাব পৰিধান নকৰাকৈ পৰিবেশন কৰা মহিলাৰ অনুষ্ঠানসমূহ সম্পূৰ্ণ ইছলাম বিৰোধী। হিজাবৰ সলনি অত্যাধুনিক সাজপাৰ পৰিধান কৰি মহিলাসকলে ইছলামৰ নীতি আদৰ্শ ভংগ কৰিছে। গতিকে মহিলা শিল্পীৰ দ্বাৰা অনুষ্ঠান পৰিৱেশনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
অলপতে আফগানিস্তানৰ মহিলা খেলুৱৈৰ ওপৰতো কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল। মহিলাৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰটো কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰিছিল।
তালিবানৰ দ্বাৰা নিত্য নতুন আইনে অতীষ্ঠ কৰি তুলিছে আফগানিস্তানৰ বাসিন্দাক। কেৱল মহিলাৰে নহয় পুৰুষসকলৰ প্ৰতিও কঠোৰ আইন বলবৎ হৈছে। আফগানিস্তানত কোনো পুৰুষে দাঢ়ি খুৰাব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰাৰ লগতে নাপিতৰ দোকানসমূহ উচ্ছেদ কৰা হৈছে। ফলত কৰ্মহীন হৈ পৰিছে বহু নাগৰিক। জীৱিকা হেৰুৱাইছে। চুলিৰ আগত জীউ লৈ জীয়াই আছে আফগানিস্তানৰ নাগৰিক।
ফলত তালিবানৰ বৰ্বৰতাৰ পৰা ৰক্ষা কৰিবলৈ, কিছু সংখ্যক লোকে নিজৰ পেট পুহিবলৈ আফগানিস্তানৰ বৰ্ডাৰত নিজৰ সন্তানক বিক্ৰী কৰি কৰিবলৈ ধৰিছে। এই ক্ষেত্ৰত অৱশ্যে আফগানিস্তানৰ তালিবানেও সহায় কৰিছে।
অমানৱীয়, বৰ্বৰতাৰে ভৰা তালিবান শাসিত অঞ্চলত প্ৰতিপল মানৱ অধিকাৰ খৰ্ব হৈছে। তথাপি নিমাত আছে ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ। আফগানিস্তানৰ দৰে সৰু দেশ এখনত তালিবানৰ দৰে সৰু শক্তিক উফৰাই পেলোৱাটো ৰাষ্ট্ৰসংঘৰ দৰে সংস্থাৰ বাবে এটা সৰু পদক্ষেপ। অন্য দেশৰ আভ্যন্তৰীণ ক্ষেত্ৰত চকু ৰখা উন্নত দেশসমূহৰ স্থিতিও অতি উদ্বেগজনক। আফগানিস্তানৰ সৰ্ব সাধাৰণ ৰাইজৰ দুৰ্দশাক আওকাণ কৰা স্থিতিয়ে মানুহৰ মনত বিৰূপ প্ৰভাৱ পেলাইছে। ৰাষ্ট্ৰসংঘৰ অভিভাৱকত্বত দেশসমূহ বা দুখীয়া দেশৰ নাগৰিক এতিয়া সুৰক্ষিত হয় নে নহয় এই লৈ প্ৰশ্ন উত্থাপিত হৈছে।