৪৩ বছৰৰ পিছত চীনত প্ৰথমবাৰৰ বাবে জন্মৰ হাৰ ১ শতাংশলৈকে নিম্নগামী হোৱাৰ খবৰে দেশবাসীক শংকিত কৰি তুলিছে। কিছু বছৰৰ পিছত চীনত বৃদ্ধৰ সংখ্যা বৃদ্ধি পাব আৰু কৰ্মঠ লোকৰ সংখ্যা হ্ৰাস পাই দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলাব। সেয়েহে চীন প্ৰশাসনে এইবাৰ প্ৰতি দম্পতীক ৩টাকৈ সন্তান জন্ম দিবৰ বাবে অনুমতি প্ৰদান কৰিছে।
জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰত চীনৰ পিছতেই। হয়তো অতি কমদিনৰ ভিতৰতে চীনক চেৰ পেলাব ভাৰতে। কৰ্মঠ দেশ চীন। ভাৰতৰ দৰে অধিক জনসংখ্যা বোজা হৈ পৰা নাই। জনসংখ্যা বৃদ্ধি হ’লেও অৰ্থ ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। কিন্তু আমাৰ ভাৰতৰ দৰে দেশত জনসংখ্যাৰ বৃদ্ধিয়ে প্ৰভাৱ পেলাই আহিছে।
শিক্ষাৰ মূল্য এতিয়াহে লাহে লাহে দেশবাসীয়ে বুজি পাইছে। অৱশ্যে বহু ঠাইত এতিয়াও শিক্ষাৰ পোহৰ পৰা নাই। শিক্ষাৰ গুৰুত্ব বুজি পোৱাসকলে জনসংখ্যাৰ ওপৰত গুৰুত্ব দিছে। পিছে এতিয়াও জনসংখ্যাৰ ভয়াবহতাৰ বিষয়ে সজাগ নোহোৱা লোক আছে।
এখন সুস্থ সমাজৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ খুবেই প্ৰয়োজনীয়। সমাজৰ বিজ্ঞানী থমাছ মালথাছৰ মতে,” খাদ্য সামগ্ৰী গাণিতিক হাৰত আৰু জনসংখ্যা জ্যামিতিক হাৰত বৃদ্ধি পায়।” জনসংখ্যা বৃদ্ধিয়ে দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলায়। ঠিক তেনেদৰে অতিমাত্ৰা হ্ৰাস পালেও উৎপাদনক্ষম বা কৰ্মঠ লোকৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত দেশৰ অৰ্থ ব্যৱস্থাত বিৰূপ প্ৰভাব পৰে।
গতিকে এখন সুস্থ সবল দেশৰ বাবে নিয়ন্ত্ৰিত হাৰত জনসংখ্যাৰ প্ৰয়োজন। এই ক্ষেত্ৰত প্ৰতিজন নাগৰিক নিজেই সজাগ হোৱা উচিত।