সম্পর্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে ইউৰোপ ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ সময়তে উক্ত দেশসমূহত বাস কৰা প্ৰৱাসী লোকসকলে ব্যাপক আনন্দ উল্লাসৰ মাজেৰে আদৰণি জনোৱা আপুনি হয়তো প্ৰত্যক্ষ কৰিছে ৷ ইয়াৰ মাজতে ডেনমার্ক ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত “অহ মাই গড” বুলি মন্তব্য কৰি মোদী আতঁৰি যোৱা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ বিদেশ ভ্ৰমণৰ সময়ত প্ৰশ্নৰ সন্মুখীন নোহোৱাৰ বাবে আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সমালোচনাৰ সন্মুখীন হ’ব লগীয়া হৈছে মোদী ৷
ডেনমার্কত এখন সভা সম্বোধন কৰি ওলাই আহি সংবাদ মাধ্যমক কোনো প্ৰশ্ন কৰাৰ সুযোগ নিদি প্ৰধানমন্ত্ৰী গৰাকী আতঁৰি যোৱা এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত ৷ কিন্তু এয়াই প্ৰথম নহয় ৷ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ পৰা আতঁৰি থকা পৰিলক্ষিত হৈছে মোদীক ৷ বর্তমানলৈ প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে সম্বোধন কৰা নাই কোনো সংবাদমেল ৷ অথবা পূর্বে নির্ধাৰণ কৰা স্ক্ৰিপ্ট অবিহনে দিয়া নাই কোনো সাক্ষাৎকাৰ ৷ অৱশ্যে পূর্বে বিদেশ ভ্ৰমণৰ সময়ত মোদীক দুয়োখন দেশৰ সাংবাদিকক দুটাকৈ মুঠ চাৰিটা প্ৰশ্ন সুধিবলৈ সুযোগ প্ৰদান কৰা হৈছিল ৷ ২০১৫ চনৰ পৰা বন্ধ কৰি দিয়া হয় এই সুযোগ ৷ ইয়াৰ আঁৰতো আছে এটা বিশেষ কাৰণ ৷ বিদেশ ভ্ৰমণৰ সময়ত প্ৰৱাসী ভাৰতীয়ই ঢোলে দগৰে আদৰি নিয়াৰ দৃশ্য ইণ্টাৰনেটত ব্যাপক হাৰত প্ৰচাৰ কৰি বাঃ বাঃ ল’ব বিচৰা প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্মুখীন হ’ব নিবিচাৰে কোনো ধৰণৰ অস্বস্তিকৰ পৰিৱেশৰ ৷ টেলি প্ৰম্পটাৰ অবিহনে কোনো কথা নোকোৱা প্ৰধানমন্ত্ৰী গৰাকীয়ে হঠাৎ সন্মুখীন হ’ব নিবিচাৰে সাংবাদিকৰ প্ৰশ্নৰ ৷ ২০১৫ চনৰ নৱেম্বৰত ব্ৰিটেইন ভ্ৰমণৰ সময়ত এজন সাংবাদিকে দেশত বৃদ্ধি পোৱা অসহিষ্ণুতা সন্দর্ভত মোদীক প্ৰশ্ন কৰিছিল ৷ মোদীৰ ব্ৰিটেইন ভ্ৰমণৰ কিছু মাহ পূর্বে ঘৰত গো মাংস ৰখাৰ বাবে উত্তৰপ্ৰদেশত এজন ৫১ বছৰীয়া লোকক আক্ৰমন কৰা হৈছিল ৷ সেই প্ৰসংগতে মোদীক অসহিষ্ণুতাৰ কথা সুধিছিল সাংবাদিকজনে ৷ তেতিয়াৰ পৰাই বিদেশ ভ্ৰমণৰ সময়ত মোদীক দুটা প্ৰশ্ন সুধিবলৈ দিয়া সুযোগ সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হয় ৷ ব্ৰিটেইন ভ্ৰমণৰ পাছৰে পৰা যিকোনো বিদেশ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কেবল বিবৃতি প্ৰকাশ কৰে অথবা নিজৰ ভাষ্যহে গোলকীয় নেতাৰ সৈতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ কিন্তু সংবাদ মাধ্যমৰ কোনো প্ৰশ্নৰ উত্তৰ প্ৰদান নকৰে মোদীয়ে ৷ বিশেষকৈ মানৱ অধিকাৰ ভংগ সন্দর্ভত বিদেশী মিডিয়াই প্ৰশ্ন কৰাৰ আশংকা কৰিয়েই প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰশ্নৰ সন্মুখীন নহয় বুলি চর্চিত হৈ আহিছে ৷ তদুপৰি প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সময়ত পূর্বে প্ৰধানমন্ত্ৰী সকলে সাংবাদিক লগত লৈ যোৱা পৰম্পৰাও বন্ধ কৰিছিল নৰেন্দ্ৰ মোদীয়ে ৷
অনুৰূপ ধৰণে ইউৰোপ ভ্ৰমণৰ সময়তো প্ৰধানমন্ত্ৰী আঁতৰি থাকিল সংবাদ মাধ্যমৰ পৰা ৷ যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় সংবাদকর্মীয়ে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কোনো প্ৰশ্নৰ উত্তৰ নিদিয়া প্ৰসংগ টুইটাৰত উত্থাপন কৰিছে জার্মানীৰ আগশাৰীৰ সংবাদ গোষ্ঠী ডিউটছে ৱেল্লেৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় সম্পাদক ৰিচার্ড ৱাকাৰে ৷ তেওঁ এই প্ৰসংগতে কয় – “মোদী আৰু স্ক’লজ বার্লিনত সংবাদ মাধ্যমৰ সন্মুখীন হ’ব …..দুয়োখন চৰকাৰৰ মাজত হোৱা ১৪ খন চুক্তি তেওঁলোকে ঘোষণা কৰিব …………কিন্তু ভাৰতীয় পক্ষৰ হেচাঁত তেওঁলোকে কোনো প্ৰশ্ন গ্ৰহণ নকৰে ৷”
প্ৰধানমন্ত্ৰী মোদীয়ে সংবাদ মাধ্যমৰ সন্মুখীন হ’বলৈ প্ৰকাশ কৰি অহা অনীহাৰ বাবেই ভাৰত ভ্ৰমণৰ সময়ত কেইবাজনো আন্ত:ৰাষ্ট্ৰীয় নেতাই সুকীয়াকৈ সংবাদ মাধ্যমক সম্বোধন কৰাৰ বহু উদাহৰণ আছে ৷ শেহতীয়াকৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ভ্ৰমণৰ সময়তো দেখা গৈছিল সুকীয়া সংবাদমেল ৷ তাৰ পূর্বে ২০২০ চনৰ প্ৰথমভাগত ডোনাল্ড ট্ৰাম্ফে আহমেদাবাদ আৰু দিল্লী ভ্ৰমণ কৰাৰ সময়ত দ্বৈত আলোচনাৰ পাছত এখন হোটেলত সূকীয়াকৈ ট্ৰাম্ফে সংবাদ মাধ্যমক সম্বোধন কৰিছিল ৷মুঠতে ২০১৪ বর্ষৰ পৰা প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত সংবাদ মাধ্যম বুলিলেই নিলগত আছে নৰেন্দ্ৰ মোদী ৷